Assamese Boil Chicken Recipe - healthy recipe

 Assamese Boil Chicken Recipe - healthy recipe 


Ingredients

  1. আধা কেজি মাংস
  2. দুটা আলু 
  3. চাৰিটা পিয়াজ 
  4. দুটা বিলাহী
  5. দুই চামুচ চাউল গৰম পানীত তিয়াঁই থব
  6. আদা আৰু নহৰু
  7. নিমখ 
  8. জলকীয়া
  9. পাৰিলে অলপমান কেঁচা মটৰ ল'ব 

কেৰাহীত তেল নিদিয়া কৈ মাহপাত এটা দি , তাত পিয়াজখিনি সৰু কৈ কাটি লৈ ৫ মিনিট মান লাৰি থাকক । তাৰ পিছত তাৰ ওপৰত আদা আৰু নহৰু খিনি দি অলপ নিমখ পেলায় দিয়ক । ৫ মিনিট পাছত দেখিব ৰঙা হোৱা আৰম্ভ কৰিছে । এতিয়া তাত বিলাহী কেইটা সৰু কৈ কাটি তাৰ লগত দুটামান ইলাইচি পেলায় দিয়ক । গোটেই বস্তু খিনি ১০-১৫ মিনিট মান কম জুইত মিহলি কৰি লওঁক। যদি বস্তুখিনি কেৰাহিত লাগি ধৰিছে অলপ পানী দিব পাৰে। এতিয়া দেখিব সুন্দৰ পেষ্ট এটা তৈয়াৰ হৈছে । তাত এতিয়া মাংস আৰু আলু খিনি মিহলি কৰি ১০ মিনিট মান কম জুইত বয়ল হʼব দিয়ক । তাৰ পিছত অলপমান পানী দি হেঁতাৰে লৰাই পুনৰ ১৫ মিনিট মান বয়ল হʼব দিয়াক ।( কম পৰিমানৰ) এতিয়া দেখিব মাংস খিনি অলপ ৰঙা পৰিছে । এতিয়া তাত আঞ্জা বনাব পৰাকৈ পানী মিহলি কৰি জুইত উতলিব দিয়ক । উতলিব ধৰাৰ পাছত  গৰম পানীত তিয়াই থোৱা চাউলখিনি গুৰি কৰি আঞ্জাত দি দিয়ক । এতিয়া পুনৰ আঞ্জাখন উতালিব দিয়ক । অলপ পাছত দেখিব আঞ্জাখন গোটমৰা আৰম্ভ হৈছে । এতিয়া আপুনি কেৰাহিটো নমাই থৈ অলপ ঠাণ্ডা হ'ব দিয়ক আৰু পৰিৱেশন কৰক।

FAQs on  Assamese Boil Chicken Recipe

Is Boil Chicken healthy ?

Yes, Boil Chicken is healthy for fintess. It's a oil free food.

Is Boil Chicken tasty ?

Yes, Boil chicken is very vey tasty.

Assamese Boil Chicken Recipe - healthy recipe
Assamese Boil Chicken Recipe - healthy recipe



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.