খাৰখোৱা অসমীয়া - kharkhowa axomia

 খাৰখোৱা অসমীয়া

তাহানিৰ ৰজাদিনীয়া কথা। জুতি লগাই এসাঁজ খাবলৈ খাদ্যত প্ৰয়োজন হোৱা লোণ এই দেশত সহজলভ্য নাছিল। ৰজাঘৰীয়া, ডা-ডাঙৰীয়া, দেও-পুৰোহিত আদি বৰ-ঘৰৰ লোকে খাদ্যত ব্যৱহাৰ কৰা লোণ আছিল ৰাইজৰ বাবে এক দুৰ্লভ ৰাজকীয় সামগ্ৰী। পিছে অভাৱেই যে আৱিষ্কাৰৰ মূল! থলুৱা অসমীয়াই খাদ্যত 'লোণ-ৰজা'-ৰ ঠাইত ব্যৱহাৰ কৰিবলৈ ল'লে 'খাৰ'। দিন বাগৰিল; লোণ অসমীয়াৰ বাবে সহজলভ্য হৈ পৰিল। পিছে খাৰখোৱা অসমীয়াই খাৰ নোখোৱাকৈ বাৰু থাকিব পাৰেনে? "মহঙৰ কেঁচা লোণ, মহঙলৈ যাব কোন" - বোলা কথাষাৰৰ দিন উকলিলেও অসমীয়াই খাৰৰ সোৱাদ পাহৰিব নোৱাৰে। হাড় কঁপোৱা শীতৰ পৰা পৰিত্ৰাণ পাবলৈ ধৰা জুইকুৰাত পোৰা আলুগুটিৰ পিতিকাৰ পৰা বিয়া-সবাহৰ মাছ-অমিতাৰে ৰন্ধা খাৰখনলৈকে - কত কিমান যে বিধে বিধে খাৰৰ ব্যঞ্জন! ইয়াৰ গণিব নোৱৰা ঔষধি গুণবোৰ নকলোঁৱেইবা! মুঠৰ ওপৰত অসমীয়া থাকে মানে খাৰৰ আদৰ থাকিবই। খাৰৰ গুণাগুণ আৰু সোৱাদ বুজি ব্যঞ্জন সমূহ বনাই খাব জনাৰ বাবেই অসমীয়াক জগতে "খাৰখোৱা অসমীয়া" বুলি সম্বোধন কৰে। ধেমালিৰ চলেৰে সম্বোধন কৰা এই শব্দদুটিত কিন্তু নিহিত হৈ আছে অসমীয়াৰ আবেগ; আবেগ এক সুকীয়া পৰিচয়ৰ।

 

খাৰখোৱা অসমীয়া - knowledge assam
খাৰখোৱা অসমীয়া

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.