Most important and common questions for competitive exam

         Knowledge Assam is providing you the top 500 general knowledge questions in 5 sets. Each set contains 100 questions and answers. General knowledge section is the one of the importance section for competitive exams. Those who are preparing for the private as well as government exams these questions are very important from exam perspective. Knowledge Assam designed these questions for you for the NET , SLET, TET exams . After reading these top 500 question you will get an basic overview of Assam. These questions contains Assamese culture, history, literature, famous people, Assam in the time of independence, books etc. No money required to use these questions. You can use these questions for quize also. Every year there are several exams conducted by our government. As for example UPSC, APSC , UGC NET , SSC, DHE , DME  , Assistant Engineer etc. These questions will help you to crack the exam . There are lots of questions come in exam based on Assam. These top 500 question will help you to crack the gk section.

 

 1. মহেন্দ্ৰ বৰাই কোনগৰাকী কবিক জনতাৰ কবি আখ্যা দিছে ?

উত্তৰ : হেম বৰুৱাক

2. কোনখন পুথিৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰাষ্ট্ৰপতিৰ পৰা শিশু সাহিত্য বটা লাভ কৰিছিল ?

উত্তৰ : ১৯৫৭ চনত "চিল চিল চিলা বাগী চিল মিলা" পুথিৰ বাবে

            Knowledge Assam Assamese Gk Questions



 ৪০১) কোন কবিৰ কবিতা – ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’


উত্তৰ : হীৰেণ ভট্টাচাৰ্য।

৪০২) ইংৰাজৰ ৰাজত্ব কালত ১৯০১ চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন?

উত্তৰ : ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।

৪০৩) কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস “অভিযাত্ৰী”?

উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানী।

৪০৪) ‘বীণবৰাগী’ কবিতা পুথিৰ ৰচক কোন?

উত্তৰ : চন্দ্ৰকুমাৰ আগৰৱালা।

৪০৫) প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ : “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।

৪০৬) অ. ভা. উ. সা. সভা বুলিলে কি বুজা?

উত্তৰ : অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।

৪০৭) ২০০৭ চনত চাপৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন?

উত্তৰ : কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)

৪০৮) ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : নলিনীধৰ ভট্টাচাৰ্য।

৪০৯) ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : ৰতন থিয়াম।

৪১০) ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?

উত্তৰ : সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।

৪১১) অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?

উত্তৰ : The Assam Tribune. (১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত, প্ৰথম সম্পাদক – লক্ষ্মীনাথ ফুকন)।

৪১২) নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?

উত্তৰ : “পাদশিলা”।

৪১৩) প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?

উত্তৰ : বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।

৪১৪) স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : ভাৰতৰত্ন গোপীনাথ বৰদলৈ।

৪১৫) ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অদিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?

উত্তৰ : ফখৰুদ্দিন আলি আহমেদ। (১৯৭৪-৭৭)

৪১৬) অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল?

উত্তৰ : ডাঃ ৰজনীপ্ৰভা শইকীয়া।

৪১৭) লণ্ডন বিশ্ববিদ্যালয়ৰ “ডি-লিট” সন্মান লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : সূৰ্য কুমাৰ ভূঞা।

৪১৮) কোন চনত, ক’ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল “জোনাকী” নামৰ আলোচনীখন। প্ৰথম সম্পাদকজন কোন আছিল?

উত্তৰ : ১৮৮৯ চনত কলিতাৰ পৰা। প্ৰথম সম্পাদক – চন্দ্ৰ কুমাৰ আগৰৱালা।

৪১৯) জ্যোতিপ্ৰসাদ আগৰৱালাহতঁৰ এসময়ৰ “পকী” নামৰ ঘৰটো কি নামেৰে জনাজাত?

উত্তৰ : জ্যোতি ভাৰতী।

৪২০) বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল?

উত্তৰ : প্ৰিয়লতা দত্ত

৪২১) ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৮৬১ চনত ।

৪২২) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৮৯৩ চনত ।

৪২৩) লচিমা কত অৱস্হিত ?

উত্তৰঃ উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত ।

৪২৪) লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৮৯৪ চনত ।

৪২৫) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৮৯৪ চনত ।

৪২৬) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল ?

উত্তৰঃ উকিয়াং নবা ।

৪২৭) ১৮৮১ চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল ?

উত্তৰঃ শম্ভুধন কছাৰী

৪২৮) টিকেন্দ্ৰজিৎক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ?

উত্তৰঃ ব্ৰিটিছ চৰকাৰে

৪২৯) জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল ?

উত্তৰঃ ১৮৯১ চনত

৪৩০) ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিবৰ্তন হৈছিল ?

উত্তৰঃ টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল ǀ

৪৩১) কোনচনত মফট মিলচ অসমলৈ আহিছিল ?

উত্তৰঃ ১৮৫৩ চনত

৪৩২) কেঞা সকল কোন আছিল ?

উত্তৰঃ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক ǀ

৪৩৩) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল ?

উত্তৰঃ মণিৰাম দেৱানে

৪৩৪) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল ?

উত্তৰঃ কন্দৰ্পেশ্বৰ সিংহক

৪৩৫) মণিৰাম দেৱানক কোন বঙ্গালী মুক্তিয়াৰে সহায় কৰিছিল ?

উত্তৰঃ মধুমল্লিক

৪৩৬) মণিৰাম দেৱানৰ লগত কোন ফাঁচী কাঠত ওলমিব লগা হৈছিল ?

উত্তৰঃ পিয়নি বৰুৱা ǀ

৪৩৭) কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?

উত্তৰঃ কেপ্টেইন হলৰইডে ǀ

৪৩৮) অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ǀ

উত্তৰঃ ক) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয়অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল ǀ

খ) বিদ্ৰোহীসকলৰ কাৰ্যপন্হাসমূহ গোপন হৈ থকা নাছিল ǀ

৪৩৯) কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৰ্ৱতন কৰা হৈছিল ?

উত্তৰঃ ক) ১৮৫৮ চনত- টিকট কৰ

খ) ১৮৬০ চনত- আয়কৰ

৪৪০) লেফটেনেন্ট ছিংগাৰ কোন আছিল ?

উত্তৰঃ নগাওঁৰ সহকাৰী উপায়ুক্ত আছিল

৪৪১) হাদিৰা চকী ক’ত অৱস্থিত ?

উত্তৰ : মানস আৰুব্ৰহ্মপুত্ৰৰ সংযােগস্থলত

৪৪২) উত্তৰ গুৱাহাটীত থকা শিলা সাকো শিলৰ দলং কোনে নির্মাণ কৰাইছিল ?

উত্তৰ: কামৰূপাই

৪৪৩) অসমৰ পঞ্চতীর্থ হিচাপে কোনখন চহৰক জনা যায় ?

উত্তৰ: কামৰূপ

৪৪৪) ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল ?

উত্তৰ: ভীমৰাও আম্বেদকাৰ

৪৪৫) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰ: মোৰ জীৱন সোঁৱৰণ

৪৪৬) গােঁহাই কমল আলি ক’ৰ পৰা কলৈ গৈছে ?

উত্তৰ: কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ

৪৪৭) ডঃ ভূপেন হাজৰিকাক “সুধাকন্ঠ” উপাধিৰে বিভূষিত কৰা ব্যক্তিজন কোন ?

উত্তৰ: আনন্দ চন্দ্ৰ বৰুৱা

৪৪৮) অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি?

উত্তৰ: কামৰূপ (মহানগৰ)

৪৪৯) হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদীক কেন্দ্ৰ কৰি ?

উত্তৰ: সিন্ধু নদী

৪৫০) “হালধিয়া চৰায়ে বাউধান খাই” উপন্যাসখনৰ লেখক কোন?

উত্তৰ: হোমেন বৰগোহাঞি

৪৫১) কোন বছৰত, বংগ বিভাজন বাতিল কৰা হৈছিল?

উত্তৰ: ১৯১১ চনত

৪৫২) অসমৰ বাহিৰে, ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোন খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়

উত্তৰ: অৰুণাচল প্ৰদেশ

৪৫৩) লোকটক হ্ৰদ ক’ত আছে?

উত্তৰ: মণিপুৰ

৪৫৪) অসমৰ পশ্চিমফালে থকা দেশখনৰ নাম কি?

উত্তৰ: বাংলাদেশ

৪৫৫) মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উত্তৰ: চন্দ্ৰগুপ্ত

৪৫৬) ব্লেইছ পাচকেল কিহৰ লগত জড়িত ?

উত্তৰ: কেলকুলেটৰ মেচিন

৪৫৭) প্রথম অসমীয়া চলচ্চিত্র নির্মাতা কোন আছিল

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা

৪৫৮) সাধনী ক'ৰ ৰাণী আছিল?

উত্তৰ: চুতীয়া ৰাজ্যৰ

৪৫৯) স্বত্ব বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল?

উত্তৰ: লৰ্ড ডেলহাউচীয়ে।

৪৬০) ভাৰতত ৰে’ল লাইন, টেলিগ্ৰাফ, ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল?

উত্তৰ: লৰ্ড ডেলহাউচীয়ে।

৪৬১) মহাৰাণী ঘোষণাপত্ৰ কেতিয়া ঘোষণা হৈছিল?

উত্তৰ: ১৮৫৮ খ্ৰীষ্টাব্দৰ ১ নৱেম্বৰত।

৪৬২) পাণিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ: ১৫২৬ খ্ৰীষ্টাব্দত।

৪৬৩) হুমায়ুনৰ পিতৃ কোন?

উত্তৰ: বাবৰ।

৪৬৪) পাণিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ: ১৫৫৬ খ্ৰীষ্টাব্দত।

৪৬৫) কাৰ দিনত ৰংঘৰ নিৰ্মাণ হৈছিল?

উত্তৰ: প্ৰমত্ত সিংহৰ।

৪৬৬) গৌতম বুদ্ধৰ ক’ত জন্ম হৈছিল?

উত্তৰ: লুম্বিনীত।

৪৬৭) উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ: গদাধৰ সিংহই।

৪৬৮) বংগ বিভাজন কোনে কৰিছিল?

উত্তৰ: লৰ্ড কাৰ্জন।

৪৬৯) অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল?

উত্তৰ: মহম্মদ বিন বখতিয়াৰ।

৪৭০) অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান কোন আছিল?

উত্তৰ: মহম্মদ বিন বখতিয়াৰ।

৪৭১) মুছলমানসকলে কেতিয়া অসম আক্ৰমণ কৰিছিল?

উত্তৰ: ১২০৬ খ্ৰীষ্টাব্দত।

৪৭২) কামৰূপ ৰাজ্যৰ শেষ ৰজা কোন আছিল?

উত্তৰ: সন্ধ্যা।

৪৭৩) নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকোঁ নিৰ্মাণ কৰিছিল?

উত্তৰ: ৰুদ্ৰসিংহই।

৪৭৪) গড়গাঁৱৰ কাৰেং ঘৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ: প্ৰমত্ত সিংহই।

৪৭৫) কাৰেং ঘৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰ: ৰাজেশ্বৰ সিংহই।

৪৭৬) বৰ্তমানৰ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ: ৰাজেশ্বৰ সিংহই।

৪৭৭) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰ: ভাস্কৰ বৰ্মন।

৪৭৮) ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?

উত্তৰ: সমুদ্ৰ গুপ্তক।

৪৭৯) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উত্তৰ: এনি বেছাণ্ট।

৪৮০) পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?

উত্তৰ: ১৮৯৪ চনত।

৪৮১) মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল?

উত্তৰ: ১৯২১ চনত।

৪৮২) কোনজন ৰজাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল?

উত্তৰ: ভাস্কৰ বৰ্মাৰ দিনত।

৪৮৩) অসমত কিমান চনত ৰে’ল লাইন স্থাপন কৰা হৈছিল?

উত্তৰ: ১৮৮৫ চনত।

৪৮৪) উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কি নামেৰে জনা যায়?

উত্তৰ: লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।

৪৮৫) ২০১২ চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা (মৰণোত্তৰভাৱে) প্ৰদান কৰা হৈছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাক।

৪৮৬) কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছিল? বোলছবিখনৰ পৰিচালক কোন?

উত্তৰ: সাগৰলৈ বহু দূৰ। পৰিচালক জাহ্নু বৰুৱা।

৪৮৭) অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল?

উত্তৰ: ১৯৮২ চনৰ ১৯ নৱেম্বৰত।

৪৮৮) কোন জন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?

উত্তৰ: নিপ বৰুৱাই।

৪৮৯) কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল?

উত্তৰ: চামেলি মেমচাব।

৪৯০) ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?

উত্তৰ: বিজয় চৌধুৰী।

৪৯১) ১৯৫৫ চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি?

উত্তৰ: পিয়লি ফুকন।

৪৯২) প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল?

উত্তৰ: আইদেউ সন্দিকৈ।

৪৯৩) প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন?

উত্তৰ: ইটো সিটো বহুতো।

৪৯৪) গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?

উত্তৰ: ৱেষ্ট ইণ্ডিজ আৰু ভাৰত।

৪৯৫) ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন?

উত্তৰ: জাভেদ জামান।

৪৯৬) ‘অসম ক্ৰীড়া দিৱস’ কেতিয়া উদযাপিত হয়?

উত্তৰ: ১৭ অক্টোবৰত।

৪৯৭) কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?

উত্তৰ: ১৯৮৩ চনত।

৪৯৮) সেনা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ: ১৫ জানুৱাৰী তাৰিখে।

৪৯৯) শিল্পী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ: ১৭ জানুৱাৰীত।

৫০০) অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ: ১ অক্টোবৰত।

Assam General Knowledge Question SET 1

Assam General Knowledge Question SET 2

Assam General Knowledge Question SET 3

Assam General Knowledge Question SET 4

Assam General Knowledge Question SET 5

 Follow our youtube channel for more update


Why general knowledge is important in exams?

    Knowledge Assam make this top 500 gk questions for you because it's very important for competitive exams. But the question is why general knowledge is important from exam perspective? General knowledge decide our decission making power and keep us upto date . Without general knowledge we can't able to know the history of a place , socioeconomic status, political importance, it's resources,it's culture etc. General knowledge is huge topic and we should know it.

Most common exam pattern for competitive exam 

  • General Knowledge
  • English
  • Aptitude
  • Reasoning
  • Quance 

assamcareer is the best website to get latest information about exams. It's the one of the most trusted website in Assam. Follow Wikipedia for more knowledge. APSC , TET, PNRD, APDCL, Assam Police, Irrigation, Assistant Engineer exam are the most common exam held in Assam.

        Knowledge Assam provides digital service for the digital growth of your business. Our services are as follows :

  • Website Development
  • App Development
  • Digital Marketing
  • Advertising
  • Video Editing


 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.